ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য নামৰ অভিলাষী আঁচনি এখনৰ ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ পোৰ্টেলটো কাইলৈৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্রহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ লগতে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষার্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষার্থীয়ে মাত্ৰ এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে বিবেচিত হোৱা শিক্ষাৰ্থীসকলে আৱাসিক প্রমাণ-পত্ৰ, পৰিচয় পত্র, ঠিকনাৰ প্ৰমাণ-পত্ৰ, বেংক ঋণৰ নথিপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰ দি গতগ সস.চ্ছ.তপ-ৰ জৰিয়তে অথবা ১৮০০-২০২৬-২৫৬ নম্বৰ যোগাযোগ কৰি অভিনন্দন আঁচনিত আবেদন কৰিব পাৰিব ।
Assamese | September 4, 2024 12:22 PM | state govt
ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ঘোষণা