শোণিতপুৰ জিলাৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে চলোৱা খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ হৈছে। এই খননত এটা ভগ্ন শিলৰ মন্দিৰৰ ধ্বংসাৱশেষৰ লগতে আন কেতবোৰ পৌৰাণিক সামগ্রী উদ্ধাৰ হৈছে। সামগ্ৰীসমূহ ষষ্ঠ শতিকাৰ শালস্তম্ভ বংশৰ পৰা আহোম ৰাজত্বকালৰ ভিতৰৰ সময়ৰ বুলি প্ৰত্নতত্ত্ব বিভাগ নিশ্চিত হৈছে। উল্লেখযোগ্য যে শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰক ধৰ্মীয় স্থান তথা পর্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই অনুসৰি গুপ্তেশ্বৰ দেৱালয়ৰ পূৰ্বতে থকা তিনিটা নামঘৰ পুনৰ নিৰ্মাণৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে গাঁত খান্দোতে শিলত খোদিত হৈ থকা এটা মূৰ্তি উদ্ধাৰ হয়। লগে লগে মন্দিৰ পৰিচালনা সমিতিয়ে ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগৰ সৈতে যোগাযোগ কৰে। প্রত্নতত্ত্ব বিভাগে সেই স্থানত খনন কাৰ্য আৰম্ভ কৰা বহু ভগ্ন শিলৰ লগতে শিলত খোদিত বিভিন্ন ভাস্কর্য উদ্ধাৰ হয়। লগতে এটা মন্দিৰৰ ভেঁটি আৰু শিলৰ বেৰ উদ্ধাৰ হৈছে। সেই স্থানত খননকার্য এতিয়াও অব্যাহত আছে। উদ্ধাৰ হোৱা সামগ্রীসমূহ শালস্তম্ভ বংশ, পালবংশ আৰু আহোম ৰাজত্বৰ সময়ৰ বুলি প্ৰত্নতত্ত্ব বিভাগে সদৰি কৰিছে।
Assamese | June 8, 2024 2:01 PM | Akashvani News | Assam | Sonitpur district
শোণিতপুৰৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগৰ খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ