কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰে যুৱ প্ৰজন্মৰ সৱলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ উন্নয়নত প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব দিয়াৰ ফলত এখন বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত যুৱচামে শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে এই ৰোজগাৰ মেলাৰ জৰিয়তে উত্তৰ-পূৰ্বৰ ১৪৪ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰ্যালয়ত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে কর্মযোগী প্ৰাৰম্ভৰ মাধ্যমেৰে বুনিয়াদী প্ৰশিক্ষণ প্ৰদান কৰা হ’ব iGOT কৰ্মযোগী প’ৰ্টেলত এই অনলাইন মডিউল আৰু এহেজাৰ ৪০০ৰো অধিক ই-শিক্ষণ পাঠ্যক্ৰম উপলব্ধ। এই পাঠ্যক্ৰমসমূহে নৱনিযুক্ত প্রার্থীসকলক বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত ফলপ্রসূ সেৱা আগবঢ়াব পৰাকৈ আৱশ্যকীয় দক্ষতাৰে সু-সজ্জিত কৰি তুলিব।
Assamese | October 29, 2024 7:36 PM | Sarbanada sonowal
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ