May 21, 2025 12:29 PM | Sarbanada sonowal

printer

ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় পৌৰ নিগম পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি চহৰখনৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ চহৰখনৰ কৃত্রিম বান সমস্যাৰ সমাধান, নলা-নৰ্দমাৰ সু-ব্যৱস্থাপনা, বাট পথৰ উন্নীতকৰণ, চহৰৰ সৌন্দৰ্য বর্ধনকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। শ্ৰীসোণোৱালে লগতে সমস্যাসমূহৰ সমাধানৰ বাবে যাৱতীয় কাম ক্ষিপ্রতাবে সম্পন্ন কৰিবলৈ বিষয়ববীয়াসকলক আহ্বান জনায়। বৈঠকত মন্ত্ৰী প্ৰশান্ত ফুকন, মেয়ৰ ডাঃ ছৈকত পাত্র, উপ-পৌৰপতি উজ্বল কুমাৰ ফুকনৰ উপৰি পৌৰ নিগমৰ ভালেসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।