কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি। মুম্বাইত কালি সেউজ আৰু ডিজিটেল মেৰিটাইম কৰিডৰ কাৰ্যসূচীৰ এটা ভিডিঅ’ বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ছিংগাপুৰৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক বিভিন্ন খণ্ডলৈ সম্প্ৰসাৰিত হৈছে। তেওঁ লগতে কয়, যে ভাৰত-ছিংগাপুৰ গ্ৰীণ এণ্ডডিজিটেল শ্বিপীং কৰিডৰেকম নিৰ্গমন প্ৰযুক্তিৰ গ্ৰহণ ত্বৰান্বিত কৰিব, ডিজিটেল সঁজুলি শক্তিশালী কৰিব আৰু সামূদ্ৰিক কাৰ্যকলাপৰ ৰূপান্তৰ ঘটাব। মন্ত্ৰীগৰাকীয়ে যে, এই কৰিডৰসমূহ কেৱল বাণিজ্যিক পথ নহয় বৰঞ্চ, অৰ্থনৈতিক সেউজ আৰু ডিজিটেল পথ, যিয়ে বিশ্ব বাণিজ্য গতিশীলতাক পুনৰ নিৰূপণ কৰিব। ৬০ বছৰীয়া ভাৰত-ছিংগাপুৰ অংশীদাৰিত্বক প্ৰশংসা কৰি ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী গেন কিম য়ঙে উল্লেখ কৰে, যে নবীকৰণ যোগ্য শক্তি আৰু সামুদ্ৰিক উদ্ভাৱণৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সহযোগিতাই বহনক্ষম ভৱিষ্যতলৈ পৰিৱৰ্তন ত্বৰান্বিত কৰিব।
Assamese | August 13, 2025 12:12 PM | Sarbanada sonowal
ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি – সৰ্বানন্দ সোণোৱাল