২৭ সংখ্যক চৰছ আজীৱিকা মেলা কাইলৈৰ পৰা নতুন দিল্লীত আৰম্ভ হ’ব। প্ৰতিবছৰে এই মেলাই গ্রামীণ মহিলাসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰে। এই বছৰ চৰছ আজীৱিকা মেলাই দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ চাৰিতকৈও অধিক মহিলাক সামৰি লৈছে। এই বছৰ এই মেলাৰ বিষয় হৈছে লাখপতি বাইদেউ আৰু সৱলীকৃত গ্ৰামীণ মহিলাসকলক সফল উদ্যমী হিচাপে গঢ়ি তোলা আৰু লগতে লোকল ফৰ ভোকেলৰ দিশত নিজকে উৎকৃষ্ট ৰূপত প্ৰতিষ্ঠা কৰা। লাখপতি বাইদেউসকলৰ হস্তনির্মিত সামগ্রী, হস্ততাঁত সামগ্রী আৰু খাদ্যসামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মেলাখন এই মহিলাসকলৰ বাবে প্রথম তথা বৃহৎ সুযোগ। এই মেলাখন এই মাহৰ ২২ তাৰিখলৈকে চলি থাকিব। এখন সংবাদ মেল সম্বোধন কৰি গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ যুটীয়া সচিব শাতি শৰ্মাই কয় যে চৰছ মেলা সংস্কৃতিৰ সৈতে পুনৰবাৰ সংযুক্ত হোৱাৰ সুন্দৰ মাধ্যম। দীনদয়াল অন্ত্যোদয়া যোজনা আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে দেশৰ ৯০ লাখ আত্মসহায়ক গোটৰ ১০ কোটি মহিলাৰ সৈতে ইতিমধ্যে যোগাযোগ স্থাপন কৰা হৈছে বুলিও সচিবগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | September 4, 2025 8:33 PM | Saras Mela 2025
কাইলৈৰ পৰা নতুন দিল্লীত ২৭ সংখ্যক চৰছ আজীৱিকা মেলা আৰম্ভ