সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হ’ব। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিব। এই বছৰ এই মেলাৰ মূল বিষয়বস্তু হৈছে- লাখপতি দিদিৰ বিকাশ – গ্ৰামাঞ্চলৰ মহিলাসকলক সফল উদ্যমী আৰু ভোকেল ফ’ৰ লোকেল অভিযানৰ হোতা হ’বলৈ সবল কৰি তোলা । প্ৰথমবাৰৰ বাবে এইবেলি লাখপতি দিদিসকলে সম্পূৰ্ণৰূপে সৰস মেলাৰ দায়িত্ব পালন কৰিব। ২২ ছেপ্তেম্বৰত এই মেলাৰ সামৰণি পৰিব।
Assamese | September 5, 2025 11:38 AM | Saras Mela 2025
আজি নতুন দিল্লীত সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আৰম্ভ