অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্বৰ খেলত ভাৰতীয় পুৰুষ দলে শ্রীলংকাক ৮-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ডেনি মেইটেই হেটট্রিক অর্জন কৰাৰ লগতে মহম্মদ আৰবাজ, উমংগ দদুম আৰু অধিনায়ক ছিংগামায়ুম শ্বামীয়ে এটাকৈ গ’ল দিয়ে। ভাৰতে অহা ১৩ মে’ত নেপালৰ বিৰুদ্ধে খেলিব। ইপিনে বাংলাদেশ আৰু মালদ্বীপৰ মাজত কালি অনুষ্ঠিত আন এখন খেল ২-২ গ’লত ড্র’ হয়। ছাফ চেম্পিয়নশ্বিপত ছখন দেশে ভাগ লৈছে। গ্রুপ-এত বাংলাদেশ, ভূটান আৰু মালদ্বীপ থকাৰ বিপৰীতে গ্রুপ-বি ভাৰত, শ্রীলংকা আৰু নেপাল আছে।
Assamese | May 10, 2025 11:45 AM | SAFF U-19 Championship 2025
অৰুণাচলৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্ব খেলত শ্রীলংকাক ৮-০ গ’লত পৰাস্ত ভাৰতীয় পুৰুষ দলৰ