May 18, 2025 12:02 PM

views 67

ভাৰতে ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব

ভাৰত আজি অৰুণাচল প্ৰদেশৰ গল্ডেন জুবলী ষ্টেডিয়ামত হ'বলগীয়া ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। গ্ৰুপ পৰ্যায়ত শ্রীলংকাক ৮-০, নেপালক ৪-০ আৰু শুকুৰবাৰে চেমিফাইনেলত মালদ্বীপক ৩-০ গলত পৰাস্ত কৰা ভাৰতীয় দল যথেষ্ট ভাল ফর্মত আছে। বাংলাদেশে বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন চেমিফাইনেলত নেপালক ২-১ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।

May 10, 2025 11:45 AM

views 41

অৰুণাচলৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্ব খেলত শ্রীলংকাক ৮-০ গ’লত পৰাস্ত ভাৰতীয় পুৰুষ দলৰ

অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ ১৯ বছৰ অনূৰ্ধ্বৰ খেলত ভাৰতীয় পুৰুষ দলে শ্রীলংকাক ৮-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ডেনি মেইটেই হেটট্রিক অর্জন কৰাৰ লগতে মহম্মদ আৰবাজ, উমংগ দদুম আৰু অধিনায়ক ছিংগামায়ুম শ্বামীয়ে এটাকৈ গ’ল দিয়ে। ভাৰতে অহা ১৩ মে'ত নেপালৰ বিৰুদ্ধে খেলিব। ইপিনে বাংলাদেশ আৰু মালদ্বীপৰ মাজত কালি অনুষ্ঠিত আন এখন খেল ২-২ গ’লত ড্র' হয়। ছাফ চেম্পিয়নশ্বিপত ছখন দেশে ভাগ লৈছে। গ্রুপ-এত বাংলাদেশ, ভূটান আৰু মালদ্বীপ থকাৰ বিপৰীতে গ্রুপ-বি ভাৰত, শ্রীলংকা আৰু নেপাল আছে।