কেন্দ্রীয় মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত ড° জয়শংকৰে তেওঁলোকৰ কথোপকথনত ভাৰত মৰিচাচৰ মাজত থকা বিশেষ সম্বন্ধ প্রতিফলিত হোৱা বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালৰ প্রধানমন্ত্রী পুষ্প কমল দহলকো সাক্ষাৎ কৰি দুয়োখন দেশৰ বৰ্ধিত বহুপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে। ড° জয়শংকৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহামেদ মুইজুৰ সৈতে বৈঠকত মিলিত হৈ দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ বাবে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰেমেসিংঘে, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু চিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমেদ আফিফকো সাক্ষাৎ কৰে।
Assamese | June 10, 2024 8:16 PM | S.Joysankar
নতুন দিল্লীত মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনৌথক ড° এছ জয়শংকৰৰ সাক্ষাৎ