বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে ব্ৰাজিলৰ জি টুৱেণ্টি অধ্যক্ষতাৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমর্থনৰ কথা দোহাৰিছে। দিল্লীত আজি অনুষ্ঠিত ভাৰত-ব্রাজিল যুটীয়া আয়োগৰ নৱম বৈঠকত উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ন্যায়পূৰ্ণ বিশ্ব আৰু পৃথিৱীৰ বহনক্ষম বিকাশৰ বাবে ব্ৰাজিলৰ অনন্য উদ্যমৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্ৰাজিলৰ মাজত ২০০৬ চনত গঢ় লৈ উঠা কৌশলগত সহযোগিতা বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। প্ৰতিৰক্ষা, মহাকাশ, সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্রাজিলৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতীয় কলা-সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি ব্ৰাজিলৰ জনসাধাৰণৰ আকৰ্ষণ বৃদ্ধি পাইছে। ডº জয়শংকৰ আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱীয়েৰিয়ে ভাৰত ব্ৰাজিল যুটীয়া আয়োগৰ এই বৈঠকত সহ অধ্যক্ষতা কৰে। সম্প্ৰতি ব্ৰাজিল জি টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত আছে। ১৮ আৰু ১৯ নৱেম্বৰত ব্ৰাজিলত ৰিঅ’ডি জেনেৰিঅ’ জি টুৱেন্টি শীর্ষ সন্মিলন অনুষ্ঠিত হ’ব। ব্ৰাজিল আৰু ভাৰতৰ মাজত বহুমুখী সম্পর্ক আছে। বিদেশ মন্ত্রালয়ে প্ৰকাশ কৰা মতে, ব্ৰাজিলৰ বিদেশ মন্ত্ৰীৰ ভ্ৰমণে ২০০৬ চনত দুয়োদেশৰ মাজত স্থাপন হোৱা কৌশলগত অংশীদাৰিত্ব অধিক সূদৃঢ় কৰাৰ আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণৰ সুযোগ প্ৰদান কৰিব।
Assamese | August 27, 2024 8:16 PM | S.Joysankar
দিল্লীত আজি ভাৰত-ব্রাজিল যুটীয়া আয়োগৰ নৱম বৈঠকত উদ্বোধন