বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্ক এটা জটিল ঐতিহাসিক সহযোগিতাৰ পৰা বিকাশ ঘটি গতিশীল আৰু দূৰদৰ্শী অংশীদাৰিত্বলৈ পৰিণত হৈছে। নতুন দিল্লীত কালি ব্রিটেইনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত ড০ জয়শংকৰে কয়, যে দুয়োখন ৰাষ্টই কেৱল প্রযুক্তি সুৰক্ষা পদক্ষেপৰ অধীনত সহযোগিতা বৃদ্ধি কৰাই নহয়, বৰং যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা আৰু গুৰুত্বপূৰ্ণ খনিজৰ ক্ষেত্ৰতো সহযোগিতা সুদৃঢ় কৰিছে। তেওঁ উল্লেখ কৰে যে, ব্রিটেইনৰ ৯ খন আগশাৰীৰ বিশ্ববিদ্যালয়ক ভাৰতত ইয়াৰ চৌহদ স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে। গুৰুগ্ৰামত ইতিমধ্যে চাউথাম্পটন বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এয়া হৈছে ব্রিটেইনত থকা ১৯ লাখ প্রবাসী ভাৰতীয়ৰ অৰিহণাক স্বীকৃতি দিয়াৰ এটা অৱকাশ। ড০ জয়শংকৰে দুয়োখন দেশৰ মাজত বিশেষ সম্পর্ক সৃষ্টিত তেওঁলোকক এখন জীৱন্ত দলং স্বৰূপ বুলি অভিহিত কৰে।
Assamese | November 1, 2025 12:25 PM | S.Joysankar
ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্ক এটা জটিল ঐতিহাসিক সহযোগিতাৰ পৰা বিকাশ ঘটি গতিশীল আৰু দূৰদৰ্শী অংশীদাৰিত্বলৈ পৰিণত হৈছে- ড০ এছ জয়শংকৰ