বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে আৰু ভাৰত এনে প্ৰতিভাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সমৰ্থ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত Global Access to Talent from India – চমুকৈ গতিৰ শুভাৰম্ভ কৰি ড° জয়শংকৰে কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ কৰ্মসংস্থান বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিদেশত সুযোগ সন্ধান কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ কয়, যে সমসাময়িক খণ্ডত ভাৰতীয় লোকসকলক অধিক কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে দক্ষতা, প্ৰশিক্ষণ, বৃত্তিগত শিক্ষা আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। সুযোগৰ এই বিশাল ক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰচেষ্টাত প্ৰতিগৰাকী অংশীদাৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | May 6, 2025 7:33 PM | S.Joysankar
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে – ড° এছ জয়শংকৰ