বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্রী ডেভিদ ভেন বেলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত ড০ জয়শংকৰে কয় যে বৈঠকত উভয় দেশৰ বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহন, জল, কৃষি, স্বাস্থ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন দ্বিপাক্ষিক সহযোগিতাৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ছেমিকণ্ডাক্টৰ, প্ৰতিভাৰ বিকাশ তথা নবীকৰণযোগ্য আদি ক্ষেত্ৰত নতুন সুযোগৰ বিষয়েও নেতা দুগৰাকীয়ে আলোচনা কৰে বুলি তেওঁ প্রকাশ কৰে। দেশ দুখনৰ বহুপাক্ষিক সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দর্ভতো বৈঠকত আলোচনা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | December 19, 2025 7:57 PM | S.Joysankar
নতুন দিল্লীত নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্রী ডেভিদ ভেন বেলক সাক্ষাৎ ড০ এছ জয়শংকৰৰ