ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। ১০২ বছৰীয়া মিজোৰামৰ সৈনিকগৰাকীৰ কালি মৃত্যু ঘটে। তেওঁ ক’হিমা যুদ্ধত প্ৰদৰ্শন কৰা বীৰত্ব তথা জেচামিত মোতায়েন হৈ থকা কালছোৱাত প্ৰথম অসম ৰেজিমেণ্টৰ ঐতিহ্য গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা ভাৰতীয় সেনাৰ ইতিহাসত চিৰকাল খোদিত হৈ থাকিব। প্ৰতিৰক্ষা জন-সম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰে যে, কীর্তিমান কাৰ্য্যকালত চুবেদাৰ থানেচেইয়াই দেশৰ প্ৰতি অসাধাৰণ প্ৰতিশ্ৰুতিবদ্ধতাৰে জন-সমাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন প্ৰত্যাহ্বান নেওচি ক’হিমাত তেওঁ প্ৰদৰ্শন কৰা অতুলনীয় সাহসে মিত্রজোটক যুদ্ধত জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াইছিল। অৱসৰ গ্ৰহণ কৰাৰ পাছতো চুবেদাৰ থানেচেইয়াই দেশ আৰু সম্প্ৰদায়ৰ প্ৰতি আগবঢ়োৱা নিষ্ঠাৰ জৰিয়তে অবিৰতভাৱে সকলোকে অনুপ্ৰেৰণা যোগাই আহিছিল। থানেচেইয়া সক্রিয়ভাৱে বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্য্য-কলাপতো জড়িত হৈ আছিল। অসম ৰেজিমেণ্টৰ কমড্ৰেসকলকে ধৰি বিভিন্ন অসামৰিক সংস্থাই তেওঁৰ মৃত্যুত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ আদৰ্শনীয় সেৱা সাহস, নেতৃত্ব আৰু অতুলনীয় প্ৰতিশ্ৰুতিৱদ্ধতাৰ চানেকি হিচাপে চিৰদিন জিলিকি ৰ’ব।
Assamese | April 1, 2024 8:40 PM | India | soldier
ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ