আই পি এল ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বেংগালুৰুৱে পাঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে কয়, যে বিৰাট কোহলী আৰু হাজাৰ হাজাৰ অনুৰাগী এই জয়লাভৰ প্ৰাপ্য আছিল। তেওঁ লগতে প্ৰতিগৰাকী খেলুৱৈকে সমৰ্থন কৰা দলৰ প্ৰশিক্ষক তথা অন্যান্য সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। বিৰাটো কোহলীয়ে সৰ্বাধিক ৪৩ ৰান কৰাৰ লগতে পাটিদাৰে ২৬ ৰানৰ বৰঙণি আগবঢ়ায়। পাঞ্জাবৰ হৈ অৰ্শ্বদীপ সিং আৰু কাইল জেমিছনে তিনিটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে নিৰ্ধাৰিত ২০ অভাৰত ১৮৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। শশাংক সিঙে ৬১ ৰান কৰি আউট নোহোৱাকৈ থাকে। বেংগালুৰুৰ হৈ ক্রুনাল পাণ্ডিয়াই ৪ অভাৰত মাত্ৰ ১৭ ৰান দিয়াৰ লগতে দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। পাণ্ডিয়াক তেওঁৰ সুন্দৰ বলিঙৰ বাবে প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ৷ গুজৰাট টাইটানছৰ ছাই সুদৰ্শনে এই বছৰৰ আই পি এল প্রতিযোগিতাত সৰ্বাধিক ৰান কৰাৰ বাবে অৰেঞ্জ কেপ লাভ কৰে। আনহাতে একেটা দলৰে প্ৰসিদ্ধ কৃষ্ণাই সৰ্বাধিক উইকেট দখল কৰাৰ বাবে পাৰ্পল কেপ অৰ্জন কৰে। মুম্বাই ইণ্ডিয়ানছৰ সূৰ্য কুমাৰ যাদৱলৈ সমগ্ৰ টুর্ণামেণ্টখনত অনৱদ্য বেটিং কৰাৰ বাবে ম’ষ্ট ভেলুৱেবল প্লেয়াৰৰ বঁটা আগবঢ়োৱা হয়।
Assamese | June 4, 2025 11:33 AM | beat PBKS by 6 runs in final | RCB clinch maiden IPL title
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ জয়