ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্রয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্রকাশ কৰে।
তেওঁ কয়, যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্র সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্য্যালোচনা কৰা হ’ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে।

বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়, যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষা বৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ড০ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে।
সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষাসেঁতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্রয়োজনীয়তা সম্পর্কে শিক্ষামন্ত্ৰীক অৱগত কৰে।