June 23, 2026 8:40 PM
2
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক
ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্রয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্র সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শ...