নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণ চিন্তিত হোৱাৰ কাৰণ নাই বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আশ্বাস দিছে।
তেওঁ কয়, যে প্ৰৱল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান হ্ৰাস কৰাৰ ক্ষমতা এই বান্ধটোৰ আছে। এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন কৰি কালি ডাঃ পেগুৱে এই আশ্বাস দিয়ে।
মন্ত্ৰীগৰাকীয়ে কালি গেৰুকামুখত থকা এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয়, যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূৰ্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া সতৰ্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি পতিয়ন যায়।
তেওঁ কয়, যে নদীৰ তলৰ পৰা ১১৬ মিটাৰ ওখ এই বান্ধৰ জলাশয়টোত ৯২ মিটাৰ পৰ্যন্ত পানী জমা হৈ আছে। তদুপৰি বান নিয়ন্ত্ৰণৰ বাবে অতি কমেও ১৫ মিটাৰৰ ফ্লাড কুচন অৰ্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বৰ্তমান নামনিৰ ফালে প্ৰতি চেকেণ্ডত প্রায় ৩ হাজাৰ ৮০০ ঘনমিটাৰ পানী এৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই অতি নিষ্ঠা আৰু যত্নৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়ৰে কাম কৰি আছে বুলি উল্লেখ কৰে।

ইপিনে মন্ত্ৰী ডাঃ পেগুৱে কালি ধেমাজি জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ জিলাখনৰ জিয়ালে নদীৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি কৰা অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। অঞ্চলটোক বান আৰু খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেও মন্ত্ৰী ডাঃ পেগুৱে ৰাইজক আশ্বাস দিয়ে।

মন্ত্ৰীগৰাকীয়ে ধেমাজি সমষ্টিৰ মাজেৰে প্রবাহিত কুমটীয়া-জিয়াধল নৈৰ বাঁওফালৰ মথাউৰিও পৰিদৰ্শন কৰে। এই মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্ৰী ডাঃ পেগুৱে জলসম্পদ বিভাগক মথাউৰিৰ কাষ চাপি অহা জিয়াঢলৰ সুঁতিটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নির্দেশনা দিয়ে ।