August 4, 2026 1:12 PM

views 2

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণ চিন্তিত হোৱাৰ কাৰণ নাইঃ মন্ত্ৰী ডাঃ ৰণোজ পেগু

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণ চিন্তিত হোৱাৰ কাৰণ নাই বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আশ্বাস দিছে। তেওঁ কয়, যে প্ৰৱল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান হ্ৰাস কৰাৰ ক্ষমতা এই বান্ধটোৰ আছে। এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন কৰি কালি ডাঃ পেগুৱে এই আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি গেৰুকামুখত থকা এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ...