শিৱসাগৰৰ ৫৪৫খন বান ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰীৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্রস্ত অঞ্চলত শিক্ষা ব্যৱস্থাৰ সামগ্রিক পৰিস্থিতিৰ বুজ লয়। তেওঁ জিলা শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়, যে জিলাখনৰ এহেজাৰ ২৩২খন বিদ্যালয়ৰ ভিতৰত ৫৪৫খন বানত ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষা সামগ্রী, আৰু অন্যান্য ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে।

 তেওঁ কয়, যে ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিমধ্যে নতুন পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে ইউনিফৰ্মৰ ধন মুকলি কৰা হৈছে। ক্ষতিগ্রস্ত প্ৰতিখন বিদ্যালয়ৰ বাবে মুখ্যমন্ত্ৰীয়ে ২ লাখ টকাকৈ সাহায্য ঘোষণা কৰা বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰী ডাঃ পেগুৱে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণী পর্যন্ত পাঠদানৰ সময় সীমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিগ্রস্ত মাধ্যমিক বিদ্যালয়সমূহত শীঘ্ৰেই শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্রস্ত বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ ল’ব বুলিও উল্লেখ কৰে।