August 4, 2026 12:56 PM
5
শিৱসাগৰৰ ৫৪৫খন বান ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষা সামগ্ৰীৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্রস্ত অঞ্চলত শিক্ষা ব্যৱস্থাৰ সামগ্রিক পৰিস্থিতিৰ বুজ লয়। তেওঁ জিলা শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়, যে জিলাখনৰ এহেজাৰ ২৩২খন বিদ্যালয়ৰ ভিতৰত ৫৪৫খন বানত ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষা সামগ্রী, আৰু অন্যান্য ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, যে ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিমধ্যে নতুন পাঠ্যপুথি প...