বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোৱৰ্ধনাত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেঁকী নৈৰ মথাউৰি নিৰ্মাণৰ কামৰ বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ববেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও ৬৪০ মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূর্ণ অংশৰ নিৰ্মাণ সোনকালে হ’ব বুলি প্ৰকাশ কৰে।
অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয়, যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ’ব ।

তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্য্য-কলাপ দেখিলে তাৰ ফটো আৰু ভি ডি অ’ সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শনকালত বিভাগীয় উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল।