June 11, 2026 10:01 PM

views 14

বাক্সা আৰু বৰপেটাৰ সীমান্তৱৰ্তী গোৱৰ্ধনাত বেঁকী নৈৰ মথাউৰি নিৰ্মাণৰ কামৰ বুজ লয় বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে

বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোৱৰ্ধনাত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেঁকী নৈৰ মথাউৰি নিৰ্মাণৰ কামৰ বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ববেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও ৬৪০ মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূর্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয়, যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ'ব । তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অব...