প্ৰতিৰক্ষা মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে নিৰাপদ বুলি দেশৱাসীক আশ্বাস দিছে। মধ্য প্ৰদেশৰ সিংৰোলিৰ এখন জনসভাত ভাষণ দি আজি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰৰ শাসন কালত দেশৰ প্ৰান্তে প্রান্তে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত হৈছিল। কিন্তু বিজেপিৰ শাসন কালত এনে ধৰণৰ ঘটনা বন্ধ হৈছে। বিৰোধী পক্ষক আক্ৰমণ কৰি শ্রীসিঙে কয় যে, কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলৰ নেতাসকলে জনসাধাৰণৰ মাজত ভয় আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰে। বিজেপিয়ে জাতি-ধৰ্ম-ভাষাৰ নামত ভেদ ভাৱ নকৰে বৰং ন্যায় আৰু মানৱতাৰ হকে কাম কৰে বুলি তেওঁ উল্লেখ কৰে। দেশৰ প্ৰগতিত মধ্যপ্ৰদেশৰ দ্বৈত ইঞ্জিন বিশিষ্ট চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি শ্রীসিঙে মন্তব্য কৰে।
Assamese | April 6, 2024 7:25 PM | Rajnath Singh
দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে নিৰাপদ : ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্রী