বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, বিজেপি চৰকাৰ যোৱাটো দশকত দুৰ্নীতিমুক্ত হৈ ৰ’ল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আজি তেলেংগানাৰ ছিকন্দ্ৰৰাবাদত আজি এখন নির্বাচনী সভাত শ্রী সিঙে কংগ্ৰেছ ক্ষমতালৈ আহিলেই দুর্নীতিত লিপ্ত হয় বুলি দলটোক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল আওপুৰণি হৈ পৰিছে আৰু দেশৰ ৰাজনীতিত নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে। বিজেপিয়ে অকল ক্ষমতা লাভৰ বাবে নহয় বৰং ৰাষ্ট্ৰ গঠনৰ হকে ৰাজনীতি কৰে বুলিও নেতাগৰাকীয়ে দাবী কৰে। কংগ্ৰেছ আৰু বিআৰএছ দলক সমালোচনা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে তেলেংগানাৰ শাসকীয় দলটোৰ, পূৰ্বৰ নির্বাচনী প্রতিশ্রুতি পূৰণ নকৰাকৈ ভোট বিচৰাৰ নৈতিক অধিকাৰ নাই। শ্রী সিঙে কয় যে, নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ ৭ বছৰৰ ভিতৰতে দেশ বিশ্বৰ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। বিজেপিয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু তিনি তালাক প্রথাৰ বিলুপ্তিৰ দৰে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিছে বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কীয় অভিযোগ অগ্ৰাহ্য কৰি শ্ৰী সিঙে কয় যে, এই আইনৰ অধীনত দেশৰ সংখ্যালঘু সম্প্রদায়সমূহে নাগৰিকত্ব হেৰুৱাবলগীয়া নহয়।
Assamese | April 19, 2024 8:50 PM | Rajnath Singh
বিজেপি চৰকাৰ যোৱাটো দশকত দুৰ্নীতিমুক্ত হৈ ৰ’ল আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং