December 23, 2024 12:37 PM | Quiz Competition

printer

ৰাজ্য চৰকাৰৰ সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ সদৌ অসম ভিত্তিত কুইজ প্রতিযোগিতাৰ আয়োজন

ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে অহা পহিলা জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু সংগ্ৰহালয় বিষয়ক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্রতিযোগিতাত আয়োজন কৰা হ‘ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক ছাত্র-ছাত্রীসকলে পহিলা জানুৱাৰীৰ পুৱা ১০ বজাত প্ৰতিযোগিতাৰ স্থান অসম ৰাজ্যিক সংগ্ৰহালয়ত শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ সহিতে উপস্থিত হ‘বলৈ বিভাগটোৱে অনুৰোধ জনাইছে। এটা দলত সৰ্বোচ্চ দুগৰাকী অংশগ্ৰহণকাৰী থাকিব আৰু প্রতিযোগিতাত অংশগ্রহণ বিনামূলীয়া হ‘ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।