আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত আয়কৰ আয়ুক্ত সৌম্য আচাৰ আৰু চনদপ্ৰাপ্ত হিচাপ পৰীক্ষক (চি এ) সঞ্জীৱ নাৰায়ণৰ সৈতে আয়কৰ পৰিশোধ কৰাৰ সহজ পদ্ধতি সম্পর্কে এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি আয়কৰ পৰিশোধৰ বিভিন্ন দিশ সম্পৰ্কে তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব ।
Assamese | July 22, 2024 5:18 PM | air guwahati public speek | Public Speak at AKASHVANI
আকাশবাণীৰ পাব্লিক স্পীকত আজি আয়কৰ পৰিশোধ কৰাৰ সহজ পদ্ধতি সম্পকত আলোচনা