আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আলোচনাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ড° কৃষ্ণ এছ বৎস আৰু এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ড° পীয়ুষ ৰঞ্জনে অংশগ্রহণ কৰিব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি গ্ৰীষ্ম প্ৰবাহৰ পৰা সুৰক্ষিত থাকিবলৈ গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰিয়তেও প্রশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গ’ল্ড আৰু অতিৰিক্ত ফ্রিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবচাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল News ON AIR OFFICIALটো এই অনুষ্ঠান উপলব্ধ হ’ব।
Assamese | June 3, 2024 7:01 PM | Public Speak at AKASHVANI
আকাশবাণীৰ প্লাবিক স্পীকত আজি গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা