July 11, 2026 10:35 AM | New Ship

printer

Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট ‘মহেন্দ্ৰগিৰি’ F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব

ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙৰ উপস্থিতিত এটা বিশেষ অনুষ্ঠানত ইয়াৰ ষষ্ঠ Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট ‘মহেন্দ্ৰগিৰি’ F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব। এই নতুন যুদ্ধজাহাজখনৰ অন্তর্ভুক্তি ভাৰতৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা নির্মাণ আৰু স্বদেশী সক্ষমতা বৃদ্ধিৰ যাত্ৰাৰ আন এটি মাইলৰ খুঁটিৰূপে পৰিগণিত হ’ব।

অনুষ্ঠানৰ পূৰ্বে নৌসেনাৰ জোৱানসকলক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰত প্রধান অংশীদাৰ। তেওঁ উল্লেখ কৰে যে দেশৰ সামগ্রিক বাণিজ্যৰ ৯০ শতাংশতকৈ অধিক সাগৰীয় পথৰে পৰিবহণ হয় আৰু সেয়ে নৌ-নিৰাপত্তা তথা দ্বীপসমূহৰ সুৰক্ষা ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। বৰ্তমানৰ জটিল ভূ-ৰাজনৈতিক পৰিস্থিতিত সাগৰীয় সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত নৌসেনাৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি সশস্ত্র বাহিনীক নতুন প্রযুক্তিৰে নিজকে সাজু ৰাখিবলৈ আহ্বান জনায়। তেওঁ আশ্বাস দিয়ে যে চৰকাৰে বাহিনীক অত্যাধুনিক অস্ত্র-শস্ত্ৰ আৰু প্ৰযুক্তিৰে সুসজ্জিত কৰি তুলিব।

এই যুদ্ধজাহাজখন আৰ্হি নৌসেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰোৱে প্ৰস্তুত কৰাৰ বিপৰীতে মুম্বাইৰ মাজাগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে। ৭৫ শতাংশতকৈ অধিক স্বদেশী সামগ্ৰীৰে নিৰ্মিত এই জাহাজখন ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ সফলতাৰ এটি অনন্য প্রতিফলনৰূপে পৰিগণিত হৈছে।। ইয়াৰ নিৰ্মাণত বহুকেইটা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ জড়িত হৈ থকাৰ ফলত দেশৰ প্ৰতিৰক্ষা উদ্যোগিক ভেটি শক্তিশালী হোৱাৰ লগতে নিয়োগ সৃষ্টিৰ পথো প্রশস্ত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।