পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্রধানমন্ত্ৰী মোদীক চিচিলিৰ সর্বোচ্চ সন্মান ‘Guardian of the Blue Horizon’ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে চিচিলিৰ সৰ্বোচ্চ সন্মান Guardian of the Blue Horizon প্ৰদান কৰা হৈছে। 

চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হার্মিনীয়ে এই সন্মান প্রদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্রচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব, উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্রিক অর্থনীতি, জলবায়ু সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্রী মোদীৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয় ৷

শ্রীমোদীয়ে এই সন্মান লাভ কৰি চিচিলিৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাম কৰি অহা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি ভবা প্ৰতিখন দেশৰ নাগৰিকলৈ এই সন্মান উচৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্রতা, মিছন লাইফ, এক পেড় মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

উল্লেখযোগ্য যে প্রধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে শেহতীয়াকৈ এগ্রিক’লা বঁটা, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অৱ দা আৰ্থ বঁটাৰ দৰে সন্মান লাভ কৰে। বিগত বছৰসমূহত শ্রীমোদীয়ে পৰিৱেশ সংৰক্ষণৰ দিশত ভাষণ আৰু সন্মিলনৰ সিদ্ধান্তৰ উপৰি জলবায়ু কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে।

তেওঁ বিশেষকৈ পৰিকল্পনাসমূহক কাৰ্যলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব দিছে। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে বহনক্ষমভাৱে জীয়াই থকাক জীৱন ধাৰণৰ এটা অংশ কৰি ল’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়।