সমগ্র দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দার্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে।
ছাত্ৰ-ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। তেওঁ শিক্ষক আৰু শিক্ষাবিদসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ, প্ৰযুক্তিক আকোঁৱিল ল’বলৈ আৰু উদ্ভাৱনীমূলক পাঠদান পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শিক্ষক দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
তেওঁ কয়, যে নিষ্ঠাবান শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ অনন্য সম্ভাৱনাক চিনি উলিয়াই তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে উসাহিত কৰিব পাৰে। ৰাষ্ট্ৰীপতি শ্রীমতী মুর্মুৱে শিক্ষকসকলক তেওঁলোকৰ স্বতন্ত্ৰ চিন্তাধাৰা প্ৰসাৰিত কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুসন্ধানৰ মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায়। জাতি গঠনত তেওঁলোকৰ অৱদানৰ বাবে সকলো নিষ্ঠাৱান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান-বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্রশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শ্রীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সর্বেপল্লী ৰাধাকৃষ্ণণক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক এগৰাকী অসাধাৰণ শিক্ষক হিচাপে অভিহিত কৰে।