ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু নিদর্শনমূলক বীৰত্বৰ পৰিচয় দিয়াৰ বাবে কৰ্পোৰেল দাভি সঞ্জয় হিফ্ফাবাইক শৌর্য চক্ৰৰে সন্মানিত কৰিছে। জম্মু-কাশ্মীৰৰ শ্বাহছিতাৰৰ দোবা চূড়াৰ সমীপৰ তিনিজন সন্ত্ৰাসবাদীয়ে অতর্কিতে চলোৱা আক্ৰমণৰ সময়ত সাহসিকতাৰ পৰিচয় দিছিল। তেওঁ ২০১১ চনৰ ২৮ ডিচেম্বৰত বায়ুসেনাত ভৰ্তি হৈছিল। ৰাষ্ট্ৰপতিয়ে লগতে ফ্লাইট লেফটেনেণ্ট অমন সিং হংসকো শৌর্য চক্ৰৰে সন্মানিত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে লগতে ভূতপূর্ব সাহসিকতাৰ বাবে সাতগৰাকী সৈনিকক বায়ু সেনা পদক প্ৰদান কৰিছে।
Assamese | January 25, 2025 8:30 PM | President award
সঞ্জয় হিফ্ফাবাই আৰু অমন সিং হংসক শৌর্য চক্ৰৰে সন্মানিত