ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান কৰিব। অনুষ্ঠানত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা হ’ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এই বঁটা প্রদান কৰা হ’ব। ভাৰতীয় কাৰিকৰসকলৰ প্ৰতি সম্মান জনাই হস্তশিল্পৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে প্রতিবছৰে ৮ ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ পালন কৰা হয়।
Assamese | December 5, 2025 8:01 PM | President
অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান