পাকিস্তানৰ কেতবোৰ সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ কেতবোৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছে বুলি প্ৰেছ ইনফৰমেছন ব্যুৰই প্ৰকাশ কৰিছে। পি আই বিৰ সত্যাসত্য প্রমাণীকৰণ গোটে এই ভিডিঅ’সমূহ এ আইৰ দ্বাৰা উদ্দেশ্য প্রণোদিতভাবে সম্পাদিত কৰা বুলি প্রকাশ কৰে। দেশত উগ্রবাদ বিয়পোৱা আৰু ধৰ্মনিৰপেক্ষতা দুৰ্বল কৰি তোলাৰ উদ্দেশ্যে এই ধৰণৰ ভিডিঅ প্ৰচাৰ কৰা হৈছে বুলিও সূত্রটোৱে লগতে প্রকাশ কৰে। চৰকাৰে এনে সন্দেহজনক ভিডিঅ’ বা তথ্য লাভ কৰিলে অতিশীঘ্ৰে জনসাধাৰণক ইয়াৰ সত্যাসত্য নিৰুপণৰ বাবে ৯১-৮৭৯৯৭ ১১২৫৯ বা factcheck@pib.gov.inত মেইল কৰিবলৈ আহ্বান জনাইছে।
Assamese | November 27, 2025 8:30 PM | President
পাকিস্তানৰ কেতবোৰ সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ কেতবোৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছে বুলি পি আই বিৰ প্ৰকাশ