ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি গেব‘ৰ‘ণত বটছ‘ৱানাৰ ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ কৰিব। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্রযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফার্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পর্ক আদি একাধিক বিষয় সন্দৰ্ভত আলোচনা কৰিব। ভাৰত আৰু বটছ‘ৱানাৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বিভিন্ন খণ্ডত ঘনিষ্ঠ সহযোগিতাৰে বান্ধ খাই আছে। দক্ষতা বৃদ্ধি দুয়োখন ৰাষ্ট্ৰৰ মাজৰ অংশীদাৰিত্বৰ এটা অতি শক্তিশালী স্তম্ভ। বিগত ১০টা বছৰত প্রায় ৭৫০ জন বিভিন্ন বৃত্তিৰ লোক, শিক্ষার্থী, জোৱান আৰু অসামৰিক সেৱাৰ বিষয়াই ভাৰতত প্রশিক্ষণ লাভ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বাণিজ্যিক সম্পর্ক বিশেষকৈ বিভিন্ন ৰত্ন আৰু হীৰা খণ্ডৰ ব্যবসায়ে প্রাধান্য লাভ কৰি আহিছে। ভাৰতে সম্প্রতি এই ব্যৱসায় অন্যান্য খণ্ডলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে দেশখনৰ সংসদত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। তেওঁ দেশখনৰ বিভিন্ন ঐতিহাসিক স্থানো পৰিদৰ্শন কৰিব। কালি সন্ধিয়া এংগোলা ভ্রমণ সামৰি ৰাষ্ট্ৰপতীগৰাকী বটছ বানাত উপস্থিত হয়। তেওঁৰ উপস্থিতিত বিমান বন্দৰত আদৰণি জনাই ২১টা টোপ ধবনিৰে সন্মান জনোৱাৰ লগতে গার্ড অব অনাৰ প্ৰদৰ্শন কৰা হয়।
Assamese | November 12, 2025 12:22 PM | President
গেব’ৰ’ণত বটছ’ৱানাৰ ৰাষ্ট্ৰপতিৰ সৈতে শ্রীমতী দ্রৌপদী মুর্মুৰ দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ