November 4, 2025 7:55 PM | President

printer

গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শ্রীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয়, যে গুৰু নানকদেৱৰ জয়ন্তীত সকলোকে তেওঁৰ আদৰ্শ আৰু শিকনিসমূহ আঁকোৱালি ল‘বলৈ অনুপ্রাণিত কৰে আৰু এখন উন্নত সমাজ গাঢ়াৰ ক্ষেত্ৰত সকলোকে পথ প্ৰদৰ্শন কৰে। তেওঁ কয়, যে গুৰু নানকজীয়ে আমাক সত্য, ন্যায় আৰু অনুকম্পাৰে সফলভাৱে জীয়াই থাকিবলৈ পথ প্রদর্শন কৰে। সততা আৰু আনৰ বাবে জীয়াই থকাৰ ক্ষেত্ৰত তেওঁ আমাক অনুপ্রাণিত কৰে বুলি শ্রীমতী মুর্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোকে গুৰু নানকদেৱৰ শিকনিসমূহ নিজৰ জীৱনত অনুধাৱন কৰি শান্তিপূর্ণ আৰু সমৃদ্ধিশালী দেশ নিৰ্মাণৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।