চাৰিদিনীয়া ভ্রমণসূচীৰে কেৰালালৈ যোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি কেৰালাৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্রতিমূর্তিও উন্মোচন কৰে। ইয়াৰ পাছত শ্রীমতী মুৰ্মবে তিৰুৱানন্তপুৰমৰ সমীপৰ ভাৰকলাত থকা শিৱগুৰি মঠত শ্রীনাৰায়ণা গুৰু সমাধিৰ শতবর্ষ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগলৈ ৰাষ্ট্ৰপতিগৰাকী পালাৰ ছেইণ্ট থমাছ কলেজৰ মহাৰজত জয়ন্তী উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কালি শ্রীমুমুৱে সবৰীমালা মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁ কেৰালাৰ ৰাজ্যপালে আয়োজন কৰা এটা নৈশ ভোজতো অংশগ্ৰহণ কৰে।
Assamese | October 23, 2025 12:03 PM | President
কেৰালাত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্রতিমূর্তি উন্মোচন শ্রীমতী দ্রৌপদী মুর্মুৰ