দেশৰ প্ৰতিখন জনজাতীয় গাঁওক আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে আদি কর্মযোগী অভিযান আৰম্ভ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আদি কর্মযোগী অভিযান বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীমতী মুর্মুৱে আজি কয় যে এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় উন্নয়ন যাত্রাত জনজাতীয় সম্প্রদায়সমূহৰ অংশগ্রহণ আৰু উন্নয়নৰ লাভ জনজাতীয় বসতিপ্রধান এলেকালৈ সম্প্ৰসাৰণ সুনিশ্চিত কৰা হ’ব। জনজাতীয় পৰিক্ৰমা মন্ত্রালয়ে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত জনজাতীয় গাঁও দৃষ্টিভংগী ২০২৩ অৱধাৰণাৰ পৰা ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা মন্ত্রী জুবেল আৰাম, জনজাতীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী, কেন্দ্রীয় আৰু ৰাজ্যৰ সচিব, জিলা দণ্ডাধীশ, মাষ্টাৰ প্রশিক্ষক আৰু সমগ্ৰ দেশৰ আদি সহযোগী প্রতিনিধিসকলে সম্মিলনত ভাগ লৈছে।
Assamese | October 17, 2025 8:25 PM | President
দেশৰ প্ৰতিখন জনজাতীয় গাঁওক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে আদি কর্মযোগী অভিযান আৰম্ভ – শ্রীমতী দ্রৌপদী মুর্মু