September 3, 2025 8:14 PM | President

printer

ডিজিটেল যুগত উপলব্ধ শিক্ষণ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ শিক্ষার্থীসকলৰ প্ৰতি আহ্বান ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ডিজিটেল যুগত উপলব্ধ শিক্ষণ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ শিক্ষার্থীসকলৰ প্ৰতি আহ্বান জনাইছে। তামিলনাডুৰ তিৰুৱৰুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ বিকশিত উদ্যোগ খণ্ডত ছাত্র-ছাত্রীসকলে পর্যাপ্ত পৰিমাণৰ সুবিধা লাভ কৰিব পাৰিব। প্রাক্তন ৰাষ্ট্ৰপতি ড০ ৰাধাকৃষ্ণণৰ বাণী উল্লেখ কৰি শ্ৰীমতী মুর্মুৱে কয় যে শিক্ষাৰ গুৰুত্ব হৈছে শিকি যোৱা আৰু জ্ঞান তথা বুদ্ধিমত্তাৰ বিকাশ ঘটোৱা। তেওঁ ছাত্র-ছাত্রীসকলক নতুন শিক্ষা নীতিৰ পুনৰ অন্বেষণ কৰিবলৈ আৰু সমাজৰ বিকাশত অৰিহনা যোগাবলৈ আহ্বান জনায়। এগৰাকী শিক্ষয়িত্রী হিচাপে নিজৰ কৰ্মৰ কথা সুঁৱৰি শ্ৰীমতী মুৰ্মৰে কয় যে এবাৰ যি শিক্ষক হয় তেওঁ সদায়েই শিক্ষক হৈয়ে থাকে। কেন্দ্রীয় বিশ্ববিদ্যালয়ে শিক্ষাৰ উচ্চ পর্যায়ৰ গুণগত মান নির্ণয় কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বিশ্ববিদ্যালয়ে গ্রামাঞ্চল আৰু অতিকে পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা লাভ সুনিশ্চিত কৰি তেওঁলোকক ভবিষ্যতে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ পথ প্রশস্ত কৰিছে।