ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহৰাজ্য ওড়িশালৈ দুদিনীয়া ভ্রমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক ৰাজ্যপাল হৰিবাবু কম্ভাপতি, মুখ্যমন্ত্রী মোহন চৰণ মাঝি, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলেওড়িশাৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীক ওড়িশাৰ পৰম্পৰাগত লোক নৃত্যৰে সম্ভাষণ জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি ভূৱনেশ্বৰত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্রতিষ্ঠান এইমছৰ পঞ্চম সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক স্বৰ্ণ পদক প্ৰদান কৰাৰ লগতে ৬৪৩ গৰাকী শিক্ষাৰ্থীক স্বাস্থ্য সেৱা বিষয়ক ডিগ্ৰী প্ৰদান কৰে ৷ কাইলৈ শ্ৰীমতী মুৰ্মুৱে ৰবেঞ্চো বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত অংশগ্ৰহণ কৰাৰ লগতে কটকত অৱস্থিত ৰবেঞ্চো ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে কেইবাটাও ভৱনৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমতী মুৰ্মুৱে ওড়িশাৰ প্ৰসিদ্ধ কবি তথা বুদ্ধিজীৱী আদিকবি সৰলা দাসৰ জয়ন্তীত অংশগ্ৰহণ কৰাৰ লগতে কটকত তেওঁ কলিংগ ৰত্ন পুৰস্কাৰ ২০২৪ অনুষ্ঠানত উপস্থিত থাকিব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বাবে ভূৱনেশ্বৰ আৰু কটকত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
Assamese | July 14, 2025 8:35 PM | President
দুদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি ভূৱনেশ্বৰত উপস্থিত