প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি কংগ্ৰেছক দোষাৰোপ কৰিছে। দূৰদৰ্শনত দিয়া এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে তেওঁ বি আৰ আম্বেদকাৰ আৰু সাংবিধানিক কমিটীৰ আন সদস্যসকলক লৈ এনে এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে সন্মান জনাইছে, যিখনে এজন চাহ বিক্রেতাকো দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত সংবিধানে মাৰ্গদৰ্শক হিচাপে কাম কৰে। তেওঁ কয় যে দেশৰ পূব দিশত থকা ৰাজ্যসমূহ- ওড়িশা, ঝাৰখণ্ড, বিহাৰ, বেংগল আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তই দেশৰ বিকাশৰ ক্ষেত্ৰত ইঞ্জিনৰ দৰে কাম কৰে। আজিৰ দিনত ভাৰতৰ নাৰী শক্তিৰ সম্ভাৱনাসমূহ বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশৰ অৰ্থনীতি সম্পূর্ণভাৱে সলনি কৰাৰ সম্ভাৱনা এই নাৰীশক্তিৰ মাজতেই নিহিত হৈ আছে বুলি তেওঁ উল্লেখ কৰে। এটা সংবাদ প্রতিষ্ঠানত সাক্ষাৎকাৰ প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে সংখ্যালঘুসকলৰ বিপক্ষে তেওঁ এটাও শব্দ কোৱা নাই যদিও কংগ্ৰেছৰ এইক্ষেত্ৰত থকা ভোট বেংক ৰাজনীতিৰ বিপক্ষে তেওঁ থিয় দিছে।
Assamese | May 20, 2024 6:43 PM | pm modi on congress
কংগ্ৰেছে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি দোষাৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ