ৰাছিয়া আৰু ইৰানৰ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছে কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়।

এই বৈঠকত ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু দুগৰাকী নেতাই ৰাজনীতি, বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ খণ্ড, দক্ষতা বিকাশ, আদিকে ধৰি ভাৰত-ৰাছিয়া সহযোগিতাৰ বিভিন্ন দিশৰ ব্যাপক পর্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত নেতা দুগৰাকীয়ে পশ্চিম এছিয়াৰ সংঘাত, ব্লেক চিৰ আদি বিভিন্ন আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে দোহাৰে যে আলোচনা আৰু কূটনৈতিক সম্পৰ্কৰ জৰিয়তে সংঘাত পুনৰ সমাধান কৰিব পৰা যায়। শান্তি প্ৰক্ৰিয়া স্থাপনৰ এই প্ৰচেষ্টাত ভাৰত সদায় সাজু বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি পুটিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২৪ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’বলৈ ৰাছিয়ালৈ আমন্ত্রণ জনাইছে। বর্তমানলৈ যদিও এই সন্মিলনৰ দিন নিৰ্ধাৰিত হোৱা নাই, তথাপি প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ এই আমন্ত্ৰণত সন্মতি জনাইছে।

ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্রী মোদীয়ে পশ্চিম এছিয়াত হোৱা শেহতীয়া কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে আৰু কূটনৈতিকভাৱে সমাধান কৰাৰ প্ৰতি আগ্ৰহী বুলি দোহাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত শান্তি আৰু স্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে।

তেওঁ ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ বাবে ইৰাণক ধন্যবাদ জ্ঞাপন কৰে। ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীয়েও প্রধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে।

প্রধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই গোলকীয় সংঘাট, ইয়াৰ সমাধান, বহনক্ষম উন্নয়ন, নৱীকৰণযোগ্য শক্তি, গোলকীয় খাদ্য সুৰক্ষা আৰু জনসাধাৰণ কেন্দ্ৰীক কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত যথেষ্ট আলোচনা কৰে। শ্ৰী গুটেৰেছে ভাৰতে চতুৰ্থবাৰলৈ ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।