প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত আৰু চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তত শান্তি বর্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে হোৱা বৈঠকৰ পাছতেই প্রধানমন্ত্রী শ্রীমোদীয়ে এই কথা প্ৰকাশ কৰে। চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি চি ঝিনপিঙৰ হৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদীক টিয়ানজিনত হ’বলগীয়া চাংহাই সহযোগিতা সন্মিলনলৈ আমন্ত্রণ জনায়। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে দুয়োখন দেশৰ মাজত ভাল সম্পৰ্ক ৰক্ষাৰ বাবে সীমান্তত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাত গুৰুত্ব দিয়ে। প্রধানমন্ত্রীয়ে কয় যে ভাৰত সীমা সন্দৰ্ভত স্বচ্ছ, যুক্তিসন্মত আৰু উভয় পক্ষৰে গ্ৰহণযোগ্য সমাধান উলিওৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। শ্রীমোদীয়ে যোৱা বছৰ কাজানত ৰাষ্ট্ৰপতি জিন পিঙেৰে হোৱা আলোচনা ফলপ্রসূ হোৱা বুলি উল্লেখ কৰি কয় যে ইয়াৰ বাবে কৈলাস মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে।
Assamese | August 20, 2025 1:10 PM | PM Modi emphasises maintaining peace & tranquillity on India-China border
ভাৰত-চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাবঃ প্ৰধানমন্ত্ৰী মোদী