August 20, 2025 1:10 PM

views 35

ভাৰত-চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাবঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত আৰু চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পর্কই বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তত শান্তি বর্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে হোৱা বৈঠকৰ পাছতেই প্রধানমন্ত্রী শ্রীমোদীয়ে এই কথা প্ৰকাশ কৰে। চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি চি ঝিনপিঙৰ হৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদীক টিয়ানজিনত হ'বলগীয়া চাংহাই সহযোগিতা সন্মিলনলৈ আমন্ত্রণ জনায়। ...