বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্ব মহাকাশ বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইকথা প্রকাশ কৰে। উড়ান আঁচনিৰ সফলতাই ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডত সোণালী অধ্যায়ৰ সূচনা কৰিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসামৰিক বিমান পৰিবহন মন্ত্রী কে. ৰামমোহন নাইডুৱে কয় যে সমাগত ৫ বছৰত দেশত আৰু ৫০ টা বিমান বন্দৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়, যে ২০১৪ চনত দেশত মাত্র ৭৬ টা বিমান বন্দৰ আছিল। বৰ্তমান ৩৩টা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰকে ধৰি এই পৰ্যন্ত ১৬২ লৈ বিমান বন্দৰৰ সংখ্যা বৃদ্ধি হৈছে বুলি অসামৰিক বিমান পৰিবহন মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । দুদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ আজি সামৰণি পৰিব ।
Assamese | June 3, 2025 12:36 PM | PM Modi
বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ