প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ উন্মোচন কৰিব। যুৱ দক্ষতাৰ বাবে এটা ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রীয়ে সমগ্র দেশতে এহেজাৰ আই টি আই উন্নীতকৰণৰ বাবে পি এম সেঁতু আৰম্ভ কৰিব। শ্রীমোদীয়ে বিহাৰৰ বাবে মুখ্যমন্ত্রী নিশ্চিত স্বয়ম সহায়তা যোজনাও আৰম্ভ কৰিব। এই যোজনা অনুসৰি স্মাতক যুৱক-যুৱতীসকলক ২ বছৰৰ বাবে মাহিলী এহেজাৰ টকাৰ ভাট্টা প্ৰদান কৰা হ’ব। তেওঁ বিহাৰত জননায়ক কাপুৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয় উদ্বোধন কৰিব। বিহাৰৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক আৰু গৱেষণামূলক সুবিধাৰ আধাৰশিলা স্থাপন আৰু পাটনা এন আই টিৰ এটা নতুন চৌহদ মুকলি কৰিব। প্রধানমন্ত্রী মোদীয়ে ৩৪ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বাবে নবোদয় বিদ্যালয় আৰু ঐকলব্য মা’ডেল, আবাসিক বিদ্যালয়ত ১২০০ দক্ষতা বিকাশ কেন্দ্র উদ্বোধন কৰিব। প্রধানমন্ত্রীয়ে দক্ষতা দীক্ষান্ত সমাৰোহত আই টি আইৰ শীৰ্ষ স্থান অধিকাৰ কৰা যুৱক-যুৱতীসকলক সম্বৰ্ধনা জনাব।
Assamese | October 4, 2025 11:56 AM | PM Modi
নতুন দিল্লীত আজি ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ উন্মোচন প্রধানমন্ত্রীৰ