মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জিলাখনৰ কেইবাটাও গাঁও পঞ্চায়তত আজিৰে পৰা ২৮ জুনলৈ প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত বিশাল সজাগতামূলক শিবিৰ অনুষ্ঠিত হৈছে। হিতাধিকাৰী কৃষকসকলৰ সুবিধার্থে গাওঁ পঞ্চায়তসমূহত মাহযোৰা কাৰ্যসূচীৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বেংক তথা সামুহিক সেৱাকেন্দ্ৰৰ কৰ্মচাৰীয়ে কৃষকসকলক আঁচনি সম্বন্ধীয় বিভিন্ন সমস্যা সমাধানৰ বাবে সহায় কৰিব। এই কাৰ্যসূচীত অংশ লৈ কৃষকসকলে আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধান লাভ কৰিবলৈ সমৰ্থ হ’ব।
Assamese | May 31, 2024 7:59 PM | Kissan Sanman Nidhi | Majuli | PM Kissan
প্ৰধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ অধীনত মাজুলীত বিশাল সজাগতামূলক শিবিৰ