প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিকশিত ভাৰত- গ্রামীন নিয়োগ আৰু জীৱিকা নিশ্চিতকৰণ অভিযান বিধেয়ক, ২০২৫ চমুকৈ জি ৰাম জি বিলৰ উদ্দেশ্যক আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানে লিখা এটা প্রবন্ধ সমাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে কয়, যে গ্রাম্য জীৱিকা এটা আধুনিত নিয়োগ নিশ্চিতি পৰিকাঠামোৰ মাজেৰে ৰূপান্তৰ ঘটোৱাটোৱে এই বিধেয়কখনৰ উদ্দেশ্য। শ্রী মোদীয়ে কয়, যে বিধেয়কখনত শ্ৰমিকৰ নিৰাপত্তা শক্তিশালী কৰাৰ লগতে কৃষি উৎপাদনশীলতা উন্নীত কৰা, স্থানীয় পৰিকল্পনা সন্নিৱিষ্ট কৰা আৰু কল্যাণমূলক আঁচনিসমূহ একত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰাৰ বিষয়ে শ্রী চৌহানে প্ৰবন্ধটোত উল্লেখ কৰিছে। এই বিধেয়কখনে সমাজ কল্যাণত নেতিবাচক প্রভাব নেপেলায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এখন উন্নত আৰু আত্মনিৰ্ভৰশীল গ্রামীণ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Assamese | December 20, 2025 7:54 PM | PM Modi
শিৱৰাজ সিং চৌহানে লিখা এটা প্রবন্ধ সমাজিক মাধ্যম যোগে শ্বেয়াৰ প্রধানমন্ত্রীৰ