প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছে। পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা পি এম এল (এন)-ৰ মুৰব্বী নৱাজ শ্বৰীফে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাবৰ বাবে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী মোদীয়ে এই কথা কয়। প্রধানমন্ত্রীয়ে কৈছে যে জনসাধাৰণৰ মংগল আৰু নিৰাপত্তা সদায় তেওঁৰ অগ্ৰাধিকাৰ হৈ থাকিব। উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিৰ সফলতাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা প্রতিফলিত কৰে বুলি নৱাজ শ্বৰীফে উল্লেখ কৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে।
Assamese | June 11, 2024 6:38 PM | People of India have always stood for peace | security & progressive ideas PM Modi
ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী